*/

*/

From
সন্তান হোৱা দৰব ১।জোনাকী পৰুৱা এটা, কল গছৰ জেলুকীয়া কেচু, এটা মালভোগ কলৰ পেটত সুমুৱাই মাইকীক খুৱাব।২। শেৱালি ফুলৰ শিপা, মৌ সহ বাটি ঋতু কালত শুচি হৈ যোনিত লেপিব।এইদৰে তিনিদিন লেপি পাছে পুৰুষৰ সম্ভোগ কৰিব। (-৭১) দুধ বেথৰ মন্ত্ৰ শ্ৰীশিৱায় নম:। লিহি লিহি শিমলু ততে বান্ধো যাই।আমুকীৰ অথাৰ বেথ জাৰো পানী উঠি যাই। হৰ বিষ হৰ আমুকীৰ আধাৰ বেথ জাৰো পানী হৈ পৰ ।। ৰামে ৰুলে, মই জাৰো লক্ষ্মনে খাই আমুকীৰ দুধবেথ আমুকাই জাৰো পানী উঠি পৰ।চান্দ ককাই সূৰ্য্য ককাই তোক কৰো সাক্ষী, আহে সীতা ধৰনী বান্ধো এইখিনিতে থও বান্ধি।হৰ বিষ জাৰো পানী উঠি পৰ।।(তেল জাৰি দিব)(পৃ-৩৬) সুপ্ৰ্সৱ মন্ত্ৰ

শ্ৰীশ্ৰীধন্বন্তৰীয়ে নম:।পেটৰ পৰা পৰিল শাল, সিন্দুৰে সিন্সে, বিন্দুৰে তিথি পাৰে লুটি হৈ সিতি,বিন্দুৰ ৰসকে শোধন ভৈলা, তাক আমি আপন সাক্ষী মিও ভৈলা নেওচা আমুকীৰ শৰীৰৰ বান্ধ ওপৰে মেলা, ওভোটা ধৰনী তলে মেলো, বান্ধ আমুকীৰ শাল, গজালি হাত তুলিলা হাতে টানি, এক হাতে ত্ৰিশূল ডম্বৰু,আউৰ হাতে বাসুকীৰ জৰি, খটমট কৰি বাঘচাল বাজে, আমুকীৰ শাল পৰিল সুলকি।দান্ত চুলি গলি যেবে, কৈলাশৰ হৰে জানিলা তেবে হায় বোলে মই বড় ছ্ন্দ, মই বিষৰ হাতে তুলি চক্ৰ, চাপৰ দি হুংকাৰ দিলো, আমুকীৰ শাল পৰিল খহি, আজোৰ পিজোৰ শৰীৰ সন্ধি শৰীৰশাল নাইৰে বন্দী, মেৰু ফুটি উপজিল জল, আমুকীৰ শাল হৈল মুকলি, হৰ বিষ হৰ ফুলে ফুলে চপাই পৰ্।।(-৫৫)

বৃহৎ বৈদ্যৰাজ ধনন্তৰী নিদান বা অসমীয়া বৰ বেজালী, ধলৰ সত্ৰৰ শ্ৰীশ্ৰী তীৰ্থনাথ গোশ্বামীৰ দ্বাৰা সংগৃহিত(প্ৰ্কাশক, ধলৰ সত্ৰ পুথিভৰাল, যোৰহাট, ১৯২৮)

Image: artifact found in Pingeleswar temple, Assam

Report Page